সমললৈ যাওক

ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১  

ডিচেম্বৰ (December) জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ। এই মাহটো ৩১ দিনীয়া। ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে। ইয়াৰ অৰ্থ দহ। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল। সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ। পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয়। মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অৰ্থ জনা নাযায়। এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে।

ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'ল: বিশ্ব এইডছ দিৱস (১ ডিচেম্বৰ), ভূপালৰ গেছ দুৰ্ঘটনা (২ ডিচেম্বৰ, ১৯৮৪), মানৱ অধিকাৰ দিৱস (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), বৰদিন (২৫ ডিচেম্বৰ) আদি।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]